১. সভ্যতা
পুৰাতন কাহিনী এটা শিপাই যোৱা
নৈ খনৰ গৰ্ভ খান্দিলো…
বিচাৰি পালোঁ সভ্যতা
২. মায়া-বৃত্ত
পৰিধি ভাঙি গছ হৈ শিপালো
তোমাৰ এখন হাত, মোৰ অপেক্ষাৰ অজুহাত
অপেক্ষাত থাকে জানো ফ্ৰীডম?
৩. ছায়া
তোমাৰ এটি নির্ঘাত স্মৃতিৰ কলৰৱ - ছায়া
ধোৱা হৈ উৰি যোৱা ক্ষণিক মৌনতাত তোমাৰ বগা চোলাটোত ঢালি দিওঁ তুমি ৰঙৰ চাহৰ দাগ।
৪. জঁট
যিমান বাৰেই আউল ভাঙো
সিমান বাৰেই আউল লাগে
চুলিৰ জঁট
মনৰ আঁত
উজুটিত ঠেটেলা খোৱা আঙুলি
আৰু তেজৰ চেকুৰাৰ সমিহিন দাগ
৫. মাছ
পানী মেটেকাৰ ভৰত তৰা এটাই ককবকাই
থকা চাই আছিলোঁ
তোমাৰ ভৰুণ চকুহালত অস্থিৰতা ..
পলিথিন এটা উপঙি উপঙি মাছ হ'ল
তোমাৰ ভৰুণ চকুহালত অৱহেলা…
নৈ এখন তেল নিগৰি নিগৰি ছাঁই হ'ল
তোমাৰ ভৰুণ চকুহালৰ আত্মহত্যা ।
© পৰী দাস
Tags:
art & poetry

Thank you for featuring me.🌿
ReplyDeleteAlways 💖
DeleteNice lines
ReplyDeleteDhanyawad, Sushanta.
Delete